নগাঁও

শিক্ষক-সমাজকৰ্মী সুৰেন চন্দ্ৰ মহন্তৰ ১০০ বছৰীয়া জন্মদিন উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া অঞ্চলৰ এজন আদৰ্শবান শিক্ষক, সমাজকৰ্মী, অঞ্চলৰ আটাইতকৈ জ্যেষ্ঠ ব্যক্তি সুৰেন চন্দ্ৰ মহন্তই শনিবাৰে ১০০ বছৰ সম্পূৰ্ণ কৰিলে। তেওঁ এই জীৱন পৰিক্ৰমাৰ শত বৰ্ষত উপনীত হোৱা উপলক্ষে শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান 'বিকাশ'ৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সুৰেন চন্দ্ৰ মহন্তৰ বাসগৃহত শনিবাৰে বিকাশৰ উপদেষ্টা নৱকমল ৰাজা, গোবিন হাজৰিকা, খগেন বৰুৱা, কাাৰ্যকৰী সভাপতি লাচিত বৰদলৈয়, ভাৰপ্ৰাপ্ত সভাপতি বুধেন বৰা, প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, বিচিত্র নাৰায়ণ শ‌ইকীয়া, শিবপ্ৰসাদ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেনু বৰদলৈকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত হৈ সুৰেন চন্দ্ৰ মহন্তক সেৱা নিবেদন কৰি গামোছা, চেলেং, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত লাচিত বৰদলৈকে প্ৰমুখ্য কৰি বিকাশৰ কাৰ্যকৰ্তা সকলে মহন্ত ছাৰৰ সান্নিধ্য, মৰম, পাঠদানৰ স্মৃতি সমূহ ৰোমন্থণ কৰে। শতবৰ্ষীয় সুৰেন চন্দ্ৰ মহন্তয়ো বিশেষ দিনটোত ছাত্ৰ ছাত্ৰী, গুণমুগ্ধ তথা অনুজ সকলৰ মৰম লাভ কৰি আবেগিক হৈ পৰে।