নগাঁও

নগাঁৱৰ গোমোঠাগাঁৱত ৪৫ তম ম’হযুঁজ প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,বঢ়মপুৰঃ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত  অনুষ্ঠিত হ'ল ম'হ যুঁজ। ভোগালী বিহু বুলি ক'লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম'হ যুঁজৰ প্ৰসংগ । এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ল ৪৫তম ম'হ যুঁজ । বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম'হ যুঁজত কেইবাহালো গুনা ম'হে যুঁজ কৰে ।

মাঘ বিহুৰ দিনাই আজি গোমোঠাগাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণী ক্ষেত্ৰত দেখা গ'ল লোকে-লোকাৰণ্য পৰিৱেশ ৷ ম'হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত বহু বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।

উল্লেখ্য যে জনবিশ্বাস অনুসৰি মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম'হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম'হ যুঁজ । আনফালে এই ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী,  যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।

ন্যায়ালয়ৰ নিষেধাজ্ঞা উঠাই কিছু শিথিলতা আনি দিয়াৰ পাছতে নতুন উছাহেৰে আয়োজন কৰিছে ম’হযুঁজখন ৷ ঢোল-পেপা- গগণা আৰু বিহু গীতৰ সুৰত বিহুৱতী সকলে প্ৰাণ ঢালি নাচিছে ধানৰ নৰাৰে আৱৰা পথাৰখনত ৷