নগাঁও

নগাঁও আৰক্ষীৰ জালত ৫জন চাইবাৰ অপৰাধী

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : বেংকত জমা থোৱা সাচঁতীয়া ধন অত্যাধুনিক প্ৰযুক্তিৰে হৰলুকি কৰা এটি দল নগাঁও আৰক্ষীৰ জালত পৰিছে । দলটোত মহাৰাষ্ট্ৰৰ দুজন লোকৰ লগতে বৰপেটা আৰু নগাঁৱৰ সদস্য আছে ।

শুক্ৰবাৰৰ পৰা চলোৱা অভিযানত পাঁচজনীয়া দলটোক কৰায়ত্ব কৰাৰ লগতে ম’বাইল, চীম,পাচবুক আদি জব্দ কৰিছে আৰক্ষীয়ে । কৰায়ত্ব কৰা চাইবাৰ অপৰাধী পাচঁজনৰ নাম হৈছে মহাৰাষ্ট্ৰৰ আদিল শ্বেখ , আকাশ খাৰ্গে , বৰপেটাৰ চাহিন শ্বাহ আলম , নুৰুল ইছলাম আৰু নগাঁৱৰ কচুৱাৰ ফুৰ্কান আলি ।

উল্লেখ্য যে শুক্ৰবাৰে শেষনিশা আকাশ , আদিল , ফুৰ্কানক গুৱাহাটীৰ পৰা আৰু চাহিনশ্বাহ , নুৰুলক নগাঁও চহৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰি ৭০৭/২০২৪ নম্বৰত গোচৰ ৰুজু কৰি আদালতত শণিবাৰে হাজিৰ কৰে ।