নগাঁও

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীঃ বটদ্ৰৱাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত থানত দেওবাৰৰ পৰা ৫৭৫ তম গুৰু জয়ন্তী উৎসৱ আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত তালকোবোৱা প্ৰসঙ্গ, উষাকীৰ্তন, মঞ্জীৰা নাম আইসকলৰ নাম আৰু ৯.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ চ'ৰা, অতিথিশালা ,সভাগৃহ আৰু কাৰ্যালয় গৃহৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰিব।

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা অতিথিশালা নতুন ৰূপত নিৰ্মান হৈ উঠিছে। গুৰুজনাৰ জন্মস্থানৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ আৰু আৰ্থ সামাজিক প্ৰগতিৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বটদ্ৰৱা উন্নয়নৰ নতুন ৰূপৰেখাই।

বটদ্ৰৱা থানত সেৱা কৰি এটি অমৃত বৃক্ষৰ পুলি ৰোপন কৰিব মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বটদ্ৰৱা থানৰ ২৩ কোটি টকা ব্যয় সাপেক্ষ অতিথিশালা, থানৰ সভাগৃহ, কাৰ্যালয় ভৱন আৰু সত্ৰাধিকাৰ বহাৰ নৱনিৰ্মিত ভৱনৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানৰ ৫৭৫ তম গুৰু আৱিৰ্ভাৱ উৎসৱৰ বছৰজোৰা সাংস্কৃতিক কাৰ্যক্ৰমনিকাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড° শৰ্মাই।