নগাঁও

বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক সমাৰোহ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক সমাৰোহ অনুষ্ঠানটি বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্ব কৰে চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন বৰুৱাই।

অনুষ্ঠানটিৰ আঁত ধৰে বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই।অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, চিত্ৰকলা বিদ্যালয়ৰ উপদেষ্টা দিলীপ দেৱ গোস্বামী, তুৱাৰাম বৰুৱা, সোমনাথ বৰা, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতন প্ৰধান আচাৰ্য সোনামনি কলিতা, সমাজকৰ্মী দীপ্তি ভূঞা, সুনিল বৰুৱা, পংকজ কলিতা, অজিৎ বৰুৱা, জীতেন বৰদলৈ, আবুল হুছেইন, জালাল উদ্দিন, লিয়াকৎ আলী, গনেশ বৰুৱা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি অভিভাৱক-অভিভাবিকা, ছাত্ৰ-ছাত্ৰী, অতিথিসহ ৫শতাধিক লোক উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামীয়ে অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে। ছাত্ৰ-ছাত্ৰীসকলে বৰগীত, সত্ৰীয়া নৃত্য, আধুনিক গীত-নৃত্য, অসমীয়া সাজ পাৰ প্ৰতিযোগিতা, যাদু প্ৰদৰ্শন, কবিতা আবৃত্তি আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।

অনুষ্ঠানতে বৰ্ষশ্ৰেষ্ঠ ছাত্ৰী হিচাপে শিৱানী গোস্বামীক মানপত্ৰ, ট্ৰফীৰে পুৰস্কৃত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন শিতানৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ বঁটা বিতৰণ কৰা হয়। ইফালে বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৃষ্ট সুন্দৰ ছবি সমূহৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয়।