ডিজিটেল সংবাদ,ধিং : ধিং মহাবিদ্যালয়ৰ ডিবিটি ষ্টাৰ কলেজৰ সৌজন্যত ৰসায়ন বিজ্ঞান বিভাগ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত ৭দিনীয়া কাৰ্যসূচীৰে চলি থকা শৈক্ষিক উন্নয়নৰ কাৰ্যক্ৰম(Faculty development program)ৰ শুকুৰবাৰে সামৰণি পৰে। মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ সভাগৃহত যোৱা ১৬ ডিচেম্বৰত এগছ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছিল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই।
ডিবিটি ষ্টাৰ কলেজ সমন্বয়ক ড০ মুকুট মনি শইকীয়া আৰু প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ পূৰ্ণিমা দাস বৰাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত অধ্যক্ষ ড০ বিমান হাজৰিকাই "সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই শৈক্ষিক উন্নয়ন অনুষ্ঠান(Faculty development program)ৰ যোগেদি ধিং মহাবিদ্যালয়ৰ চৌপাশে থকা অঞ্চল সমূহৰ শিক্ষানুষ্ঠান শিক্ষক শিক্ষয়িত্ৰী সকলক বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ সজাগতাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে প্ৰদান কৰা ডিবিটি ষ্টাৰ কলেজৰ পৰীক্ষাগাৰ সমূহ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰী আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উপকাৰ হব পৰাকৈ এই শৈক্ষিক উন্নয়ন অনুষ্ঠানটি গ্ৰহণ কৰা হৈছে।" বুলি মন্তব্য কৰে।
অনুষ্ঠানটিত মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই সকলো অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীক সম্ভাষণ জনাই ভাষণ প্ৰদান কৰে। কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা তথা ১৬ ডিচেম্বৰৰ পুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকি নবীন সহিত্যিক মায়া মনি দেৱীয়ে "শ্ৰেণীত সাহিত্য শিক্ষণৰ প্ৰয়োজনীয়তা" আৰু আবেলি ড০ মুকুটমণি শইকীয়াই "কাৰ্বন বিকিৰণ, কাৰ্বন প্ৰদাংক, কাৰ্বনৰ ব্যবসায়"ৰ ওপৰত বিশ্লেষণ আগবঢ়ায়।
১৮ ডিচেম্বৰৰ দিনা সমল ব্যক্তি ৰূপে উপস্থিত থাকি নগাঁও মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ভূৱন চন্দ্ৰ চুতিয়াই এৰি সূতাৰ বাণিজ্যিকৰণ আৰু বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিপালন আৰু সংৰক্ষণ আৰু সংৰ্বদ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য দাঙি ধৰে। বিয়লি নগাঁও আইন মহাবিদ্যালয় অধ্যক্ষ ড০ সুজাতা ভট্টাচাৰ্যই বিশেষজ্ঞ ব্যক্তি হিচাপে উপস্থিত থাকে।
তেওঁৰ ভাষণত নাৰী আৰু শিশু সুৰক্ষা আইনৰ বিভিন্ন দিশ বিশ্লেষণ কৰে।আনহাতে ১৯ ডিচেম্বৰত ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ পূৰ্ণিমা দাস বৰাই মন আৰু শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ওপৰত বিশ্লেষণ কৰে। বিয়লি চিকিৎসক ডা০ জয়াশ্ৰী পাঠকে শিশু আৰু মহিলাৰ পৰিস্কাৰ পৰিচন্নতা আৰু স্বাস্থ্য যত্নৰ ওপৰত আলোচনা কৰে।
২০ ডিচেম্বৰৰ কাৰ্য্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী তথা বিশিষ্ট বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই "কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সজাগতাৰে সামাজিক উন্নয়ন"ৰ বিষয়ে আলোচনা কৰাৰ লগতে কৃষি উন্নয়নত সমাজত সজাগতা সৃষ্টি কৰাত শিক্ষকসকলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। বিয়লিৰ সত্ৰত ধিং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰবীন শৰ্মা বৰুৱাই স্বাস্থ্যৰ ওপৰত মাইক্ৰৱেভৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।
একেদৰে ২১ ডিচেম্বৰত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি লাইফ স্কিল প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই ষ্টেম(STEM) শিক্ষা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ জীৱন কৌশলৰ যি ১০টা কৌশল সেই সম্পৰ্কে মত বিনিময় কৰে। বিয়লি সত্ৰত ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ লুনা ফুকনে প্ৰ-বায়টিক আৰু স্বাস্থ্য উপকাৰিতা সম্পৰ্কে বিশ্লেষণ দাঙি ধৰে।
আজি সামৰণিৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড০ ত্ৰিবেণী শইকীয়াই "ভাৰতীয় জ্ঞান ব্যৱস্থাৰ সৈতে ব্যক্তিগত আৰু পেছাদাৰী সমৃদ্ধিৰ বাবে ভাৰতৰ প্ৰাচীন প্ৰজ্ঞাৰ শক্তিক ব্যৱহাৰ" শীৰ্ষক বিষয়ৰ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ শেষত সকলো অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।