নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক... 
নগাঁও

নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ আজি গুৱাহাটীৰ পৰা অহা এটা বন বিভাগৰ অভিযানকাৰী দলে নগাঁৱত অভিযান চলাই এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীটোৰ নাম ছুলেমান আলী।

বন বিভাগৰ অভিযানকাৰী দলটোৱে নগাওঁ চহৰৰ পানীগাঁৱস্থিত নিজ বাসগৃহৰ পৰাই ছুলেমান আলীক আটক কৰিছে। এই অভিযানত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

গোপন সূত্ৰৰ খবৰৰ আধাৰত চলোৱা এই অভিযানত সফলতা লাভ কৰাৰ পাছতেই চোৰাং চিকাৰী ছুলেমানক গুৱাহাটীলৈ লৈ যায়। জানিব পৰা মতে অধিক তথ্যৰ বাবে গুৱাহাটীত সোধপোছ চলাব অভিযানকাৰী দলটোৱে।