কথমপি ৰক্ষা পৰিল বিধায়ক ৰূপক শৰ্মা, শশী কান্ত দাসৰ লগতে কুৰিগৰাকীৰো অধিক লোক... 
নগাঁও

কথমপি ৰক্ষা পৰিল বিধায়ক ৰূপক শৰ্মা, শশী কান্ত দাসৰ লগতে কুৰিগৰাকীৰো অধিক লোক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ মুখামুখী হ'ল নগাওঁ সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাস। ৰহাৰ আমনিশালীত সংঘটিত হৈছে এই দুৰ্ঘটনা।

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে গৈ থকাৰ অৱস্থাতেনিশা ৭ঃ৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত দুই বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু শশী কান্ত দাসৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ঘাইপথেৰে ৰূপক শৰ্মাৰ বাহনৰ পিছে পিছে কেইবাখনো বাহন গৈ আছিল আনহাতে পথৰ দাঁতিত ৰখাই থোৱা আছিল এখন ট্ৰাক।

এনে সময়তে মৰিগাওঁমুখী চাৰ্ভিছ ৰোডৰ পৰা তীব্ৰ গতিৰে ওলাই আহি বিপৰীতমুখে যাত্ৰা কৰিব খোজা এখন টেম্পই প্ৰচণ্ড জোৰে ৰূপক শৰ্মাৰ বাহনখনক খুন্দা মৰাৰ উপক্ৰম হোৱাত তেওঁৰ বাহনখনৰ চালকে কথমপি টেম্পখনক বচাই যদিও ৰৈ থকা ট্ৰাকখনত চাইদত খুন্দা মাৰে।

আনহাতে বিধায়কগৰাকীৰ পিছে পিছে আহি থকা ডিব্ৰগড়, তিনিচুকীয়া আদিৰ ৪ খন সৰু বাহন আৰু ভুল দিশেৰে গতি কৰা টেম্পখনৰ সৈতে সংঘৰ্ষ হয়। অৱশ্যে কেওখন বাহনত থকা মহিলা, শিশুসহ যাত্ৰীসকলে সাধাৰণ আঘাত পালেও গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে।

ঘটনাটোত কেইবাখনো বাহন গুৰুতৰ ভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰে টেম্পখহ ৩ খন বাহন আৰক্ষীয়ে ক্ৰণেৰেহে উদ্ধাৰ কৰি নিবলগীয়া হয়। ভয়ংকৰ দুৰ্ঘটনাটোত কুৰি গৰাকীৰো অধিক লোক পতিত হলেও আহত হোৱাৰ পৰা ৰক্ষা পৰাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰে।

দুৰ্ঘটনাত পতিত হোৱা বাহন কেইখনৰ নম্বৰ ক্ৰমে- এ এছ ০১ এফ ই ৬৮২৩, এ এছ ২৫ বি চি ৫২৯৫, এ এছ ০১ এফ ই ৬৮২৩, এ এছ ০১ জে চি ৭০০৪।