উৰিয়াগাঁৱত অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক উষ্ম আদৰণি... 
নগাঁও

উৰিয়াগাঁৱত অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক উষ্ম আদৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: অসমীয়া প্ৰতিদিনৰ সম্পাদক, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক আজি নগাঁৱৰ উৰিয়াগাঁৱত উষ্ম আদৰণি জনোৱা হয়৷ উত্তৰ পূবৰ প্ৰথম প্ৰতিস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে যোৱাৰ সময়তে উৰিয়াগাঁৱৰ কেইবাটিও সংগঠনে বৰুৱাৰ উষ্ম আদৰণি জনায় ৷

হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ জৰিয়তে দৃষ্টিহীনসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰাৰ লগতে, হেমকোষৰ এই ব্ৰেইল সংস্কৰণে গীনিজ বুক অফ ৱৰ্লড ৰেকৰ্ডছত স্থান লাভৰ জৰিয়তে অসমীয়া ভাষাক বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে জয়ন্ত বৰুৱাই।

সেয়ে আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, উৰিয়াগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আদিয়ে উৰিয়াগাঁও চকত বৰুৱাক উষ্ম আদৰণি জনায়। সংগঠন কেইটাৰ প্ৰতিনিধিয়ে জয়ন্ত বৰুৱাক চেলেং, গামোচা, শৰাই, জাপি আদি প্ৰদান কৰে৷

এই সম্বৰ্ধনা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয়, মোক আপোনালোকে জনোৱা এই সন্মানে আগন্তক দিনত সমাজৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে৷ লগতে তেওঁ নিজেও পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জড়িত থাকি সক্ৰিয় ভাৱে কৰা-কাজৰ কথা ৰোমন্থনো কৰে। তেওঁ কয় যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি মোৰ আন্তৰিকতা সদায় আছে৷ জাতীয়তাবাদী ধৰা অন্তৰত সোমাই আছে ৷ এই মঞ্চৰ পৰাই অসমীয়া জাতিৰ হকে, ভাষা, সংস্কৃতিৰ হকে কাম কৰাৰ প্ৰেৰণা লাভ কৰিছো।

অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তও উপস্থিত থাকে ৷ সাংবাদিক প্ৰকাশ মহন্তকো উৰিয়াগাঁৱৰ সংগঠন কেইটিয়ে গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনায় ৷ উক্ত অনুষ্ঠানত প্ৰাগজ্যোতিষ বনিয়া, শুভ্ৰজিৎ গগৈ, পিতাম্বৰ শইকীয়া, পদুম বৰুৱা, প্ৰবোধ বৰা, ৰূপৰাম হাজৰিকা আদিও উপস্থিত থাকে ৷