নগাঁও

নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : অসমৰ চাহ বাগিচা আৰু গাঁও অঞ্চলত ভূমিপুত্ৰ হিচাবে বসবাস কৰা চাহ জনজাতি লোকসকলক জনজাতি কৰণৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত সোমবাৰে চাহ জনজাতি ছাত্ৰ সন্থা নগাঁও আৰু কলিয়াবৰ শাখাৰ কৰ্মকৰ্তাসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক ভাবে পিছপৰি থকা চাহ জনগোষ্ঠী লোকসকলক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত স্বাধীনতাৰ ৭৬ বছৰ ধৰি চাহ জনগোষ্ঠীৰ লোকসকলে সংগ্ৰাম কৰি আহিছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিছিল যে, চাহ জনগোষ্ঠীৰ লোকসকলক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰা হ'ব। কিন্তু কেন্দ্ৰত বিজেপি দলে ক্ষমতা দখল কৰা ৯ বছৰ সম্পূৰ্ণ কৰাৰ পাছতো চাহ জনগোষ্ঠী লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাত চাহ জনজাতি ছাত্র সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সকলো ৰাজনৈতিক দলেই চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণা কৰি আহিছে আৰু চাহ জনগোষ্ঠীৰ লোকসকলক নিৰ্বাচনৰ সময়ত ভোট বেংক হিচাবে ব্যৱহাৰ কৰি আহিছে বুলি মন্তব্য কৰে সন্থাৰ কৰ্মকৰ্তা সকলে।

ধৰ্ণাকাৰীসকলে চাহ জনগোষ্ঠীক জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰক, আমাৰ দাবী মানিবই লাগিব, এই জুই জ্বলিছে জ্বলিবই, চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। ধৰ্ণাকাৰীকাৰীসকলে চাহ জনগোষ্ঠীৰ মন্ত্ৰী, বিধায়ক, সাংসদ আদিৰ বিৰুদ্ধে সৰব হৈ তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দিয়া পৰিলক্ষিত হয়। কাৰ্যসূচীৰ অন্তত সন্থাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে।