তাৰিখৰ পাছত তাৰিখঃ আকৌ পিছুৱালে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন... 
নগাঁও

তাৰিখৰ পাছত তাৰিখঃ আকৌ পিছুৱালে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ অভি-নীল হত্যাকাণ্ডৰ কথা মনত আছেনে ? ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল দেশ কপোৱা এই জঘন্য হত্যাকাণ্ড। কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্ভুক্ত পানজুৰি গাঁৱত এদল উন্মুক্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ‌ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক।

৫ বছৰ ৬ মাহ পাৰ হৈ যোৱাৰ পাছতো আজিও ন্যায়ৰ অপেক্ষাত অভি-নীলৰ পৰিয়াল। এই‌ মাহৰ‌ শেষৰফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী হ'ব এই গোচৰটোৰ।

জানিব পৰা মতে আছামী পক্ষৰ অধিবক্তা জনে ভিন্ন কাৰণবশতঃ এই গোচৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰে আজি আদালতে। বৃহস্পতিবাৰে নগাঁও সত্ৰ ন্যায়ধীশ আদালতত নীল-অভিৰ পিতৃ উপস্থিত হয় যদিও আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটো শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই।

ইয়াৰ পাছত ৩১৩ প্ৰক্ৰিয়াত বিচাৰ প্ৰক্ৰিয়া চলি যাব। ৪৭ জন অভিযুক্তৰ ভিতৰত এজন নাবালক হিচাপে চিনাকী হৈছিল যদিও আজি পৰ্যন্ত আদালতত জমা দিব পৰা নাই নাবালকৰ প্ৰমাণপত্ৰ। ওপৰত উল্লেখিত এনে বহুকেইটা কাৰণত ৬ বছৰ ধৰি ন্যায়ৰ পৰা বঞ্চিত হৈ ৰৈছে অভি-নীলৰ পৰিয়াল।