নগাঁও

কঠীয়াতলীত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা : এজনৰ অৱস্থা সংকটজনক

Asomiya Pratidin

ডিজিটেল সেৱা, কঠীয়াতলী : কঠীয়াতলী ৰেংবেঙত বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত আন এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ হেণ্ডিমেনজন। অতি সংকটজনক অৱস্থাত হেণ্ডিমেনজনক নগাঁৱৰ চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে AS-25-EC-1064 আৰু NL 01 AB 4931।