নগাঁও

ৰাইডঙীয়াত অখণ্ড ভাগৱত পাঠ-ব্যাখ্যানুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া নাহৰহটীয়া গাঁৱৰ ৰাইজৰ বাৰ্ষিক সেৱাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰৰ পৰা ৭জুলাইলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী আৰম্ভ হৈছে। তদুপলক্ষে বৃহস্পতিবাৰে পুৱা ভকত বৈষ্ণৱ, আইমাতৄ, কণকণ শিশু, চেমনীয়া সকল জাতীয় সাজ পৰিধান কৰি ৰাইডঙীয়া নাহৰহটীয়া গাঁৱৰ বৰনামঘৰ প্ৰাংগনত উপস্থিত হৈ নাম কীৰ্তন কৰি উখল-মাখল, আনন্দমুখৰ পৰিবেশৰ সূচনা কৰে।

কাৰ্যসূচী অনুসৰি আজি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলনৰ পাছত ৯ বজাৰ পৰা ভাগৱত ভ্ৰমণ কাৰ্য্যসূচী ৰূপায়ন কৰে। ১১ বজাত নাম প্ৰসঙ্গৰ আৰু ১ বজাত ভাগৱত পাঠ আৰম্ভ কৰা হয়। ইফালে ৭ জুলাইৰ সামৰণিৰ নিশা স্থানীয় ৰাইজৰ অভিনয়েৰে "অভিমন্যু বধ" ভাওনা পৰিবেশন কৰা হব বুলি উদযাপন সমিতিৰ সভাপতি প্ৰভাত দাস, সম্পাদক দীপজ্যোতি দাসে জানিবলৈ দিয়ে।