কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ মাতৃৰ বিয়োগ... 
নগাঁও

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ মাতৃৰ বিয়োগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ মাতৃ অলকা বৰাৰ আজি বিয়লি মৃত্যু হৈছে। নগাওঁ জিলাৰ কামপুৰৰ শান্তিপতিৰ অতি সম্ভ্ৰান্ত পৰিয়াল তথা প্ৰয়াত যজ্ঞেশ্বৰ বৰাৰ পত্নী আছিল অলকা বৰা।

কামপুৰ অঞ্চলৰ অতি সৰবৰহী মহিলা অলকাক বৰাৰ মৃত্যুত কামপুৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। আজি বিয়লি প্ৰায় ৩ বজাত তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে স্থানীয় লোকসকলে পূজা এৰি তেওঁৰ বাসগৃহত ভিৰ কৰে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰে জড়িত অলকা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ। তেওঁৰ মৃত্যুৰ সময়ত দুই পুত্ৰ, বোৱাৰী, তিনি বিবাহিত কন্যা, নাতি, নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে।

অলকা বৰাৰ মৃত্যুত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উপৰিও স্থানীয় দল, সংগঠনে শোক প্ৰকাশ কৰিছে। আজি সন্ধিয়াই স্থানীয় ৰাইজে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।