মুখ্যমন্ত্ৰীৰ আগমণৰ পূৰ্বে নগাওঁ আয়ুক্ত কাৰ্যালয়ত ৰহস্যজনক প্ৰবেশ AIUDF ৰ প্ৰাৰ্থী আমিনুল ইছলামৰ 
নগাঁও

মুখ্যমন্ত্ৰীৰ আগমণৰ পূৰ্বে নগাওঁ আয়ুক্ত কাৰ্যালয়ত ৰহস্যজনক প্ৰবেশ AIUDF ৰ প্ৰাৰ্থী আমিনুল ইছলামৰ

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বি জে পিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিলৰ পূৰ্বে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ ক্ষন্তেক পূৰ্বে ৰহস্যজনকভাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলাম প্ৰবেশ কৰিলে।

এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত পুনৰ আয়ুক্ত কাৰ্যালয়ত প্ৰবেশ কৰাত বাধা প্ৰদান নকৰিলে নগাঁও জিলা প্ৰশাসনে। কিন্তু সাংবাদিকক নিষিদ্ধ কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ত।

সেয়েহে আমিনুল ইছলাৰ এই ৰহস্যজনক প্ৰবেশক লৈ প্ৰশ্ন উত্থাপিত হৈছে। উল্লেখ্য যে, এটা বিশেষ কামৰ অজুহাত দেখুৱাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰবেশ কৰে আমিনুল ইছলামে।

ইফালে আয়ুক্ত কাৰ্যালয়ত প্ৰবেশৰ পূৰ্বে তেওঁ কয়, বিজেপিয়ে সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বহু হিন্দু লোকে মোক ভোট দিব।ইয়াৰ উপৰি তেওঁ কয়, মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে।