নগাঁও

নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ 'অমৃত কলহ যাত্ৰা'

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ সৱল নেতৃত্বত আৰম্ভ হোৱা "মেৰা মাটি মেৰা দেশ" অভিলাষী আঁচনিৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫ হাজাৰখন গাওঁ-চহৰৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ যি পৰিকল্পনা হাতত লোৱা হৈছে সেই অনুসৰি যোৱা ১ চেপ্তেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰলৈ নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ইয়াত পঞ্জীয়নভুক্ত বিভিন্ন যুৱ সংঘ, মহিলা সংগঠন আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত প্ৰতি ঘৰ মানুহৰ ঘৰে-ঘৰে গৈ মাটি সংগ্ৰহ কৰি এই অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷

নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানৰ নেতৃত্বত প্ৰতিটো উন্নয়ন খণ্ডৰ স্বেচ্ছাসেৱক-সেৱিকা আৰু উন্নয়ন খণ্ডৰ যুৱক-যুৱতীসকলক লগতলৈ এই কাৰ্য্যসূচীত পূৰ্ণদ্যমে অংশগ্ৰহণ কৰিছে৷

এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ "মোৰ মাটি মোৰ দেশ" শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে "অমৃত কলহ যাত্ৰা"ৰ জিলাখনত বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব লগা কাৰ্যসূচীত সকলোৰে সহায়-সহযোগীতা নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ হৈ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে অনুৰোধ জনাইছে ৷