কচুৱাত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক আমচুৰ সম্বৰ্ধনা... 
নগাঁও

কচুৱাত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক আমছুৰ সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ "বৰ্তমান সময়তো বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন নথকাতো এক লাজৰ বিষয়। অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক ভাৰতবৰ্ষৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিব বিচৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ইয়াক দেখিব পোৱা নাযায়।"এই মন্তব্য আমছুৰ দুই কেন্দ্ৰীয় নেতা ক্ৰমে সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, উপ-সভাপতি মুশ্বাৰফ হুছেইন কবিৰৰ।

উল্লেখ্য যে, আজি নেতাদ্বয়ে নগাঁও জিলাৰ কচুৱাত নগাঁও জিলা আমছুৰ সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈছিল।ইফালে বানপানীত গৃহ ক্ষতিগ্ৰস্ত হোৱা বহুবিদ্যালয়ৰ ক্ষতিপূৰণ হিচাপে চৰকাৰে আগবঢ়োৱা ধনৰ সদ ব্যৱহাৰ নোহোৱাৰ অভিযোগ আনে আমছুৰ উপ-সভাপতিগৰাকীয়ে।

নগাঁও জিলাৰ কচুৱাৰ হাইস্কুল খেল পঠাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কচুৱা, লংজাপ আৰু চানখোলা আঞ্চলিকৰ সহযোগত সদ্যঘোষিত অসম উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছয় শতাধিক ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে এই সম্বধৰ্না সভাখন অনুষ্ঠিত হয়।

সভাখনত আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰে সভাপতিত্ব কৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে কচুৱা আঞ্চলিকৰ উপ-সভাপতি নাছিল উদ্দিনে। সভাখনত আমছুৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আদৰ্শৰে আগবাঢ়ি যাবৰ বাবে আহ্বান কৰে।

আজিৰ সভাখনত উপস্থিত থাকে আমছু সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, আমছু উপ-সভাপতি,মুশ্বাৰফ হুছেইন কবিৰ, নগাঁও জিলা সাধাৰন সম্পাদক আশ্ৰাফুল হুছেইন, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ, কঠীয়াতলী শিক্ষাখণ্ডৰ চি আৰ চি চি মতিউৰ ৰহমান, হবিবুৰ ৰহমান, আব্দুল কালাম,সমাজকৰ্মী জহুৰ আলি, লুটুমাৰীপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বকুল নাথ, হোজাই জিলা আমছুৰ উপদেষ্ট মনোৱাৰ হুছেইন, মৰিগাঁও জিলা আমছুৰ উপদেষ্টা জহিৰুল ইছলামৰ লগতে চানখোলা আঞ্চলিকৰ সভাপতি সম্পদককে ধৰি কচুৱা, লংজাপ আৰু চানখোলাৰ সদস্যবৃন্দ উপস্থিত থাকে।