নগাঁও

বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত দেওবাৰে গুৰুজনাৰ অনবদ্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। দিনৰ ১ বজাত গৱেষণা প্ৰতিষ্ঠানৰ পুথিভড়ালত অনুষ্ঠিতব্য অনুষ্ঠানটিত পৌৰহিত্য কৰিব শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি তথা গৱেষক পণ্ডিত ড০ নৰেন কলিতাই।

মুখ্য অলোচক হিচাপে অংশগ্ৰহণ কৰিব অসম কৃষি বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক ড০ ৰঞ্জিত কুমাৰ বৰুৱা। আলোচনা চক্ৰখনি সাফল্য মণ্ডিত কৰিবৰ বাবে গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ড০ বিমান হাজৰিকা, কাৰ্যকৰী সভাপতি ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্ত, উপসভাপতি অতুল মহন্ত, দিলীপ দেৱ গোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই ৰাইজৰ উপস্থিতি কামনা কৰিছে।