নগাঁও

কচুৱাৰ মিছামাৰীত জন্তুৰ শিং জব্দ, দুজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,কচুৱাঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তুৰ্গত পুঠিমাৰীৰ মিছামাৰীত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীয়ে অভিযানত জন্তুৰ শিং জব্দ কৰা লগতে দুজন লোকক আটক কৰে।

এক গোপন সূত্ৰৰ পম খেদি কচুৱা আৰক্ষীয়ে মিছামাৰী এলেকাত অভিযান চলাই মালিগাঁৱৰ অন্তৰ্গত মাধৱদেৱ নগৰৰ সুবল সুত্ৰধৰ আৰু কচুৱাৰ ২ নং মিছামাৰীৰ আনন্দ সৰকাৰক এটা সন্দেহজনক পহুৰ শিং সহ আটক কৰে।

ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি শিঙৰ লগতে দুই অভিযুক্তক কামপুৰ বন আঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে।বন কাৰ্যালয়ে তদন্ত চলোৱাৰ পিছত ঘটনাৰ প্ৰকৃত তথ্য পোৱা যাব।