নগাঁও

মূৰ্চনা নৃত্য-মঞ্জুৰী সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত মূৰ্চনা নৃত্য মঞ্জুৰী সংগীত বিদ্যালয়ৰ শনিবাৰে নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে বঢ়মপুৰ শ্বহীদ স্মৃতি কেন্দ্ৰীয় প্ৰেক্ষাগৃহত বাৰ্ষিক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানটি প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ গীত-নৃত্যৰে মুখৰিত হৈ পৰে।

সাংস্কৃতিক অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে পুৰণিগুদাম সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা সাংস্কৃতিক কৰ্মী কুলপ্ৰদীপ দাসে । মূৰ্চনা নৃত্য মঞ্জুৰী সংগীত বিদ্যালয়ৰ তত্বাৱধায়ক জয়ন্ত শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানটোত শিল্গী পেঞ্চনাৰ কানু গোস্বামী, বঢ়মপুৰ শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ শইকীয়া, সমাজকৰ্মী ৰীনা দাস বৈষ্ণৱ, শিল্পী চুৰেণ মহন্ত, লোকশিল্পী ৰাজু শ‌ইকীয়া,সত্ৰীয়া নৃত্যৰ শিল্পী বিজয়লক্ষ্মী গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

উক্ত সাংস্কৃতিক সমাৰোহতে বিদ্যালয়খনৰ বিশাৰদ উত্তীৰ্ণ মুঠ ১৩গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলে প্ৰৰ্দশন কৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানে উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰে।