নগাঁও চহৰত কৃত্ৰিম বানপানী  
নগাঁও

নগাঁও চহৰত কৃত্ৰিম বানপানী : কলং নৈৰ বিপদসীমাৰ ওপৰেৰে বৈছে পানী

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : মঙলবাৰে পুৱাৰে বিয়লিলৈকে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও চহৰৰ কেবাটাও এলেকা কৃত্ৰিম বানৰ কবলত পৰে। চহৰখনৰ বৰবজাৰ ,ঢাকাইপট্টী ,দক্ষিণ হয়বৰগাঁৱৰ কিছু অংশ ,ডিমৰুগুৰিৰ একাংশ ,শংকৰনগৰৰ একাংশ কৃত্ৰিম বানৰ কবলত পৰে।

ফলত সৰ্বসাধাৰণ ৰাইজ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ৰাইজে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ জিলা প্ৰশাসন আৰু পৌৰসভাক আহ্বান জনাইছে।

ইপিনে নগাঁও জিলাৰ বানপৰিস্থিতি আজি সামান্য উন্নত হৈছে যদিও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আজি জিলাখনৰ কলিয়াবৰ ,ৰহা ,চামগুৰি ,নগাঁও সদৰ ৰাজহ চক্ৰৰ ১৩২ খন গাঁও বানৰ কবলত আছে।

৭৬ হাজৰৰো অধিক লোক বানপানীত আক্ৰান্ত হৈ আছে। ১৩ হাজাৰৰো অধিক কৃষিভুমিৰ আজি দিনটোত জলমগ্ন হৈ আছে। ২ জুলাইৰ পৰা আজিলৈকে প্ৰায় ১৪ দিন ধৰি এই লোকসকল বানত আক্ৰান্ত হৈ আছে।

ফলত এই লোকসকলৰ বিলৈ বিপত্তি নোহোৱা হৈছে। কলঙৰে ব্ৰহ্মপুত্ৰৰ পানী একেৰাহে ১৪ দিন ধৰি নগাঁও চহৰৰ দিশে অগ্ৰসৰ হৈ থকাত কলিয়াবৰৰ এক বৃহৎ অংশৰ লগতে নগাঁও চহৰৰ একাংশ আৰু পাৰ্শ্বৱৰ্তী অঞ্চল বানৰ কবলত পৰিছে।

ব্ৰহ্মপুত্ৰৰ পানী বৈ আহি থকা আৰু প্ৰতিদিনে হোৱা বৰষুণৰ ফলত নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে। দীৰ্ঘসময় ধৰি ইয়াৰ আগতে নগাঁও চহৰত কলঙৰ জলপৃষ্ঠ বৃদ্ধি হোৱা নাছিল।

আজিও কলং নৈৰ জলপৃষ্ঠ নগাঁও চহৰত বিপদসীমাৰ ৬১ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। পৰিস্থিতি এইদৰে নগাঁৱৰ বানপৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা আছে। কলঙৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই অহাৰ গতি ৰোধ কৰিবলৈ নগঞা ৰাইজে চৰকাৰক দাবী জনাইছে।

শিলঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ৮০ ছেণ্টিমিটাৰ তলত আছে। কামপুৰত কপিলীৰ জলস্তৰ যথেষ্ট হ্ৰাস পাইছে।