ননৈ মহাবিদ্যালয়ত 'অৰুণোদয় দিৱস' আৰু 'জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতি দিৱস' পালন 
নগাঁও

ননৈ মহাবিদ্যালয়ত 'অৰুণোদয় দিৱস' আৰু 'জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতি দিৱস' পালন

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ বছৰৰ প্ৰথম দিনটোত নগাঁও জিলা সাহিত্য সভা আৰু ননৈ মহাবিদ্যালয়ৰ জ্ঞানজ্যোতি শাখা সাহিত্য সভাৰ যুটীয়া উদ্যোগত ১৮৪৬ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰীত অসমৰ জাতীয় জীৱনত সংযোজিত ঘটা বৰ অসমৰ প্ৰথমখন বাৰ্তালোচনীৰ জন্ম দিনটোৰ লগতে অসমৰ জননেতা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ স্মৃতি দিৱসো পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে জ্ঞানজ্যোতি শাখা সাহিত্য সভাৰ সভাপতি দেৱযানী বৰাই।

স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই। মুকলি সভাত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই। উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। আদৰণি অনুষ্ঠানৰ আঁত ধৰে জ্ঞানজ্যোতি শাখা সাহিত্য সভাৰ সম্পাদক ড০ বসন্ত বৰাই।

সভাৰ উদ্বোধন কৰে প্ৰাক্তন অধ্যক্ষ তথা কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক জিতেন্দ্ৰ নাথ হাজৰিকাই। মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ নিৰলা দেৱীয়ে।

অৰুণোদয় দিৱসৰ লগত সংগতি ৰাখি কঠীয়াতলীৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্যকৰ্মী, সমাজ সেৱক অৱসৰপ্ৰাপ্ত শিক্ষক ঘনকান্ত বৰাক অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক হিচাপে জিলা সাহিত্য সভাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নগাঁও জিলাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাৰ, জিলা সাহিত্য সভাৰ হিচাপ পৰীক্ষক নজিবুৰ ৰহমাৰ লগতে শাখা সাহিত্য সভাসমূহৰ সভাপতি, সম্পাদকসকল, বিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল শিক্ষাৰ্থীসকলৰ লগতে দুই শতাধিক সাহিত্য প্ৰেমী উপস্থিত থাকে।