নগাঁও

অশোকাষ্টমীত শিলঘাটত প্ৰাতঃস্নানৰ উদ্দেশ্যে ভক্তৰ ভিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান কৰাৰ উদ্দেশ্যে কলিয়াবৰ শিলঘাটতস্থিত কামাখ্যা মন্দিৰৰ নামনিত প্ৰতিবছৰৰ দৰে এইবাৰো ভক্তই ভিৰ কৰে। মঙ্গলবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে শিলঘাটত স্নান কৰে।

প্ৰবাদ অনুসৰি, পবিত্ৰ শুক্লাষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰে উজাই আহে গংগাৰ জলধাৰা। এই জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পূণ্য অৰ্জন হয় বুলি লোকবিশ্বাস আছে। সেই জনবিশ্বাসকে সৰোগত কৰি অন্যবাৰৰ দৰে এইবাৰো শিলঘাটত ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ বিভিন্নজনে ভিৰ কৰে।

ব্ৰহ্মপুত্ৰত স্নান কৰাৰ লগতে মৃতকৰ পিণ্ডদান, শ্ৰাদ্ধ বিধি আদিও সমাপন কৰে। উল্লেখ্য যে, প্ৰতিবছৰে অশোকাষ্টমী উপলক্ষে শিলঘাটত বিশাল মেলা অনুষ্ঠিত হয় যদিও লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মঙলবাৰে কেৱল স্নানৰ বিপৰীতে মেলাখন অহা ২০ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে অনুষ্ঠিত কৰাৰ বাবে সমিতিয়ে দিহা কৰিছে।