নগাঁও

পুৰণিগুদামৰ একাধিক দাবীক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত তিনিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ পুৰণি সদৰ পুৰণিগুদামৰ একাধিক দাবীক লৈ সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে মঙ্গলবাৰে এখনি তিনিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত ।

স্মাৰকপত্ৰত উল্লেখিত দাবীসমূহ হৈছে বৃহত্তৰ উৰিয়াগাঁও , চামগুৰি , পুৰণিগুদাম ,আমনিৰ মাজেৰে যোৱা ১২৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাম বিসংগতিপূৰ্ণভাৱে হৈ আছে ৷ লগতে দুই বছৰ পূৰ্বে স্থাপন কৰা হেলজেন লাইট আজিলৈকে নজ্বলিল ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ ডিভাইদাৰত স্থাপন কৰা লাইটসমূহ জলোৱাৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে দাবী জনায় ।

লগতে পুৰণিগুদাম , চামগুৰি ৰে'ল ষ্টেচনৰ যাত্ৰীসকলৰ সুবিধাৰ্থে বিনামূলীয়া বিশুদ্ধ খোৱাপানী , সুলভ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ লগতে নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈকো যুৱ ছাত্ৰ পৰিষদে দাবী জনায় ৷ সংগঠনটিয়ে শাৰদীয় দূৰ্গা পুজাৰ সময়ত পুৰণিগুদাম , চামগুৰি , আমনিৰ পূজাস্থলীসমূহত ২৪ ঘণ্টাই যান-বাহন আৰক্ষী মোতায়ন কৰিবলৈ দাবী জনায় ৷

স্মাৰকপত্ৰ প্ৰদানৰ কাৰ্যসূচীত পুৰণিগুদাম আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ওৱাচিম আলম , সাধাৰন সম্পাদক প্ৰান কৃষ্ণ ডেকা ৰ লগতে জিলা সমিতিৰ যুটীয়া সম্পাদক দিব্য জ্যোতি হাজৰিকা , প্ৰাৰ্থ প্ৰতিম বৈৰাগী প্ৰচাৰ সম্পাদক চন্দন ফুকন আদি উপস্থিত থাকে।