নগাঁও

ধনী বৰালৈ ক্ৰান্তিকাল সাহিত্য সন্মান ২০২৩

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়াইছে বিশিষ্ট সমালোচক আৰু প্ৰৱন্ধকাৰ ধনী বৰালৈ । ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত সাপ্তাহিক নীলাচল কাকতত যোগ দিয়ে আৰু পৰবৰ্তী সময়ত আজিৰ অসম আৰু অগ্ৰদূত কাকতৰ উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

গভীৰ অধ্যয়নপুষ্ট ধনী বৰাই বাদ আৰু ব্যাখ্যা ,আধুনিক ব্যাখ্যা, বিদায় আধুনিকতা , জাতিসত্তা ভাষা আৰু সংস্কৃতি আদি গ্ৰন্থেৰে প্ৰাচ্য আৰু পাশ্চাত্যৰ গ্ৰন্থ , বৌদ্ধিক ব্যক্তিত্ব , সাহিত্য আৰু সমাজ-সংস্কৃতি তত্ত্ব আৰু ধাৰাৰ একাণপতীয়া চৰ্চা কৰি অসমীয়া সমালোচনা সাহিত্যক সমৃদ্ধ কৰি আহিছে । প্ৰচাৰবিমুখ এই লেখকজনৰ চিন্তাৰ মৌলিকতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিফলন তেওঁৰ প্ৰৱন্ধসমূহত প্ৰকাশ পাইছে।

শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে ২০১১চনৰ পৰা আগবঢ়াই অহা এই সন্মান ইতিমধ্যে কবীন ফুকন , আনন্দ চন্দ্ৰ দত্ত , প্ৰণৱজ্যেতি ডেকা,অনিল ৰায়চৌধুৰী , জ্ঞান পূজাৰী , সনন্ত তাতী, বসন্ত ডেকা , ৰফিকুল হোছেইন , খগেন গগৈ, জ্যোতিষ শিকদাৰ আদি বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছিল । শিৱকান্ত-ক্রান্তিকাল ন্যাসৰ হৈ অৰিন্দম বৰকটকী আৰু ক্রান্তিকাল প্রকাশনৰ হৈ কৈলাশ কুমাৰ ৰাজখোৱাই এই কথা অৱগত কৰে।