নগাঁৱত নতুন আইন প্ৰণয়ন সন্দৰ্ভত আৰক্ষীৰ সজাগতা সভা... 
নগাঁও

নগাঁৱত নতুন আইন প্ৰণয়ন সন্দৰ্ভত আৰক্ষীৰ সজাগতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত নগাঁও আৰক্ষীয়ে নতুন অপৰাধ আইন সন্দৰ্ভত আজি এক সজাগতা সভা অনুষ্ঠিত কৰে। আজিৰ পৰা কাৰ্যকৰী হোৱা নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ ৰ বিষয়ে সভাত নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অবগত কৰে।

এই অপৰাধমূলক আইনসমূহ বৰ্তমানৰ সময়ৰ লগত খাপ -খোৱাকৈ প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, অপৰাধমূলক ঘটনাসমূহ মোকাবিলা কৰিবলৈ এই আইন অনা হৈছে। এই আইনে ন্যায় ব্যৱস্থাক শক্তিশালী কৰি তুলিব। নতুন আইনৰ অধীনৰ গোচৰসমূহৰ সৈতে মোকাবিলা কৰিবৰ সময়ত আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে ইতিমধ্যে আৰক্ষীৰ বিষয়া, জোৱান আদিক প্ৰশিক্ষণ দিয়া হৈছে। এই আইন তিনিখনে ন্যায় ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি নগাঁও আৰক্ষীয়ে আশা প্ৰকাশ কৰে।

মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই তিনিখন আইনত উল্লেখনীয় পৰিৱৰ্তন সাধন কৰা হৈছে বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ইয়াৰ লক্ষ্য হৈছে ক্ষীপ্ৰতাৰে ন্যায় প্ৰদান কৰা। আইন তিনিখনে শাস্তিৰ পৰিবৰ্তে ন্যায়মুখী কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে।

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি নতুন আইনখনৰ বিভিন্ন দিশ উল্লেখ কৰে। সভাত অতিৰিক্ত আয়ুক্ত সুদীপ কুমাৰ নাথ, সহকাৰী সঞ্চালক (আই বি) টি আৰ নেৱাৰে ভাষণ প্ৰদান কৰে।

সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক। ডা: ফণী পাঠক, নগাঁও জিলাৰ আৰক্ষী বিষয়া, এন চি চিৰ বিষয়া, বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী, গাঁওৰক্ষী বাহিনী, বিভিন্ন প্ৰতিষ্ঠান আদিৰ প্ৰতিনিধিকে ভালেসংখ্যক লোক উপস্থিত থাকে।

ইপিনে আজি বিয়লি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নগাঁও আৰক্ষী নিবেশত এই নতুন আইন সম্পৰ্কে এক সংবাদ মেল সম্বোধন কৰি আইনখনৰ বিষয়ে বহুল প্ৰচাৰৰ বাবে সকলোকে আহ্বান জনায়। সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই অংশগ্ৰহণ কৰে।