উৰিয়ামঘাটত আইন সজাগতা সভা সম্পন্ন... 
নগাঁও

উৰিয়ামঘাটত আইন সজাগতা সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সমগ্ৰ ভাৰতবৰ্ষতে আজিৰে পৰা প্ৰযোজ্য হ’ল তিনিখন নতুন আইন ৷ ব্ৰিটিছে তেওঁলোকৰ শাসনৰ সুবিধাৰ্থে প্ৰণয়ন কৰি যোৱা আইন ভাৰতীয় চিন্তা চেতনাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ভাৰতৰ সংসদত তিনিখন নতুন বিধেয়ক গৃৰ্হীত কৰি আইনৰ ৰূপ দিয়া হয় ৷এই ফৌজদাৰী আইন তিনিখন হ’ল ক্ৰমে—ভাৰতীয় ন্যায় সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা- ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ ৷

সমগ্ৰ ভাৰতবৰ্ষতে নতুনকৈ প্ৰযোজ্য হোৱা উল্লেখিত আইন তিনিখনৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আজি উৰিয়ামঘাট আৰক্ষী থানাৰ উদ্যোগত উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগনত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে বড়ো কছাৰী স্বায়ত্ত্বশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে ৷

সভাত আদৰণি ভাষণ আৰু উদ্দেশ্যে ব্যাখ্যা কৰে উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাই ৷ দেশত নতুনকৈ প্ৰৱৰ্তিত হোৱা আইনৰ বিভিন্ন ধাৰাৰ ওপৰত বক্তব্য ৰাখে বৰপথাৰ আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া দীপক দাসে ৷

সভাত শিক্ষক প্ৰতাপ গগৈ, গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক কৰ্ণ সিং লিম্বু, সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি বিকাশ বৰা, আমছু গোলাঘাট জিলা সমিতিৰ সভাপতি ইৰফান আহমেদ, বড়ো সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সম্পাদক বিনন্দ বডোছায়ো বক্তব্য ৰাখে ৷

সজাগতাসভাখনত ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক ছবিৰাম শইকীয়া, সদৌ তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উপ- সভাপতি অনন্ত গগৈ, সংযুক্ত বড়ো গণ মঞ্চৰ মুকুন্দ বসুমতাৰী,উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক উদীপ বৰা, সদস্য তৰুণ কোঁৱৰ, গাওঁৰক্ষী বাহিনী উৰিয়ামঘাট থানা সমিতিৰ সভাপতি/সম্পাদক ক্ৰমে কেশৱ তুলচিয়াৰী, সম্পাদক দুৰ্যোধন লিম্বু, অঞ্চলটোৰ ভালেকেইখন গাঁৱৰ গাঁৱপ্ৰধান, মহিলা তথা ৰাইজ উপস্থিত থাকে ৷ সভাখনৰ সামৰণি ৰাষ্ট্ৰীয় সংগীতেৰে কৰা হয়।