নগাঁও

বঢ়মপুৰৰ বিভূতিভূষণক লাগে আপোনাৰ সহায়....

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ: দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল ল’ৰাজনৰ৷ তথাপিও ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ সৰুৰে পৰাই দুৰ্বাৰ সপোন দেখিছিল৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ দৰেই নিজৰ কামৰ সংগ্ৰামখন চলাই গৈছে। ল’ৰাজনৰ নাম বিভূতিভূষণ বৰুৱা৷

উঠি অহা নৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ এই ল’ৰাজনে প্ৰৱল ইচ্ছা শক্তি আৰু মাতৃৰ সহযোগত জীৱনৰ কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ নগাঁও জিলাৰ বঢ়মপুৰ হাজৰিকাচুক নিবাসী গজেন্দ্ৰ বৰুৱা আৰু অনিমা হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ,দিব্যাংগ যদিও দৃঢ়মনা যুৱকজনে ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০১০ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।

সমান্তৰালভাৱে গ্ৰহণ কৰিছিল কম্পিউটাৰ শিক্ষা ৷ হঠাতে এদিন সামাজিক মাধ্যম ইউটিউবত মমবাতি আৰু ধূপকাঠি নিৰ্মাণ সন্দৰ্ভত সবিশেষ তথ্যৰ সম্ভেদ পাই তেওঁ কুটিৰ শিল্পৰ উদ্যোগ এটি গঢ়ি তুলিবলৈ মন মেলিলে৷ আৰ্থিক সংকটৰ মাজতো পিতৃ-মাতৃৰ সহযোগত ঘৰতে এটি কম্পিউটাৰ চেন্টাৰৰ লগতে শিখা কেণ্ডেল আৰু সুগন্ধি উদ্যোগ নামেৰে দুটি উদ্যোগ গঢ়ি তুলিলে ৷

উন্নতমানৰ ধূপ আৰু মম নিৰ্মানত মনোনিৱেশ কৰি প্ৰথমাৱস্থাত যথেষ্ঠ পৰিমাণে লাভাম্বিত হৈছিল যুৱকজন ৷ স্থানীয় দুই এগৰাকী যুৱক-যুৱতীকো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছিল ৷

হঠাতে এদিন বিভূতিভূষণৰ কুটিৰ শিল্পৰ উদ্যোগটি আৰু কম্পিউটাৰ চেন্টাৰটো ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়চোৱাত বন্ধ হৈ পৰে ৷ অভাৱনীয়ভাৱে নামি আহিল দুৰ্যোগ। বৰ্তমান আৰ্থিক সংকটত ভূগিছে বিভূতিভূষণ বৰুৱা; যাৰ বাবে কেইবাটাও পৰিয়াললৈকো নামি আহিছে সীমাহীন দুৰ্যোগ ৷

এই ক্ষেত্ৰত যুৱকজনে বঢ়মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক জিতু গোস্বামীৰ প্ৰত্যক্ষ সহায়-সহযোগিতা কামনা কৰিছে ৷ আৰ্থিক অনাতনৰ ফলত শিল্পালয়খন পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম নোহোৱাত বিভূতিভূষণ মানসিকভাৱেও ভাঙি পৰিছে ৷

বিভূতিভূষণৰ মাতৃ অনিমা হাজৰিকাই স্থানীয় বিধায়ক গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পুত্ৰক অকনমান দয়াৰ দৃষ্টিৰে চাবলৈ আহ্বান জনায়। লগতে ৰাজ্যৰ অন্যান্য বিশেষভাৱে সক্ষম যুৱক-যুৱতী সকলেও যেন জীয়াই থকাৰ নূন্যতম সুবিধাখিনি পায়।