নগাঁও

কলা-বিজ্ঞান দুয়োটা শাখাতে ১০০%ৰে উজলিল বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে সফলতা অৰ্জন নগাঁও জিলাৰ ঐতিহাসিক বঢ়মপুৰ অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আশাতীত ফলাফল অর্জন কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী।

বিদ্যালয়খনত থকা কলা আৰু বিজ্ঞান, দুয়োটা শাখাতে ১০০শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ শিক্ষকসমাজ আৰু স্থানীয় ৰাইজে পৰম সন্তুষ্টি লাভ কৰিছে। চলিত বৰ্ষত ৭৫বছৰ গৰকা বিদ্যালয়খনে মহাৰজত জয়ন্তীৰ এই গৌৰৱময় মুহূৰ্তত বিদ্যালয়খনৰ এই সাফল্যই বঢ়মপুৰৰ অঞ্চলৰ সকলো ৰাইজৰ মন নথৈ পুলকিত কৰিছে।

এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত বিদ্যালয়খনৰ পৰা ৭২জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত ১৭ গৰাকীয়ে প্ৰথম বিভাগ , ৩৬গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৯ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগৰ সৈতে মুঠ ৩১ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰমাৰ্ক লৈ উত্তীৰ্ণ হৈছে। ইয়াৰে বিদ্যালয়খনৰ ছাত্ৰী ক্ৰমে সংগীতা হাজৰিকা (৯১%) আৰু নিশিতা বাৎস্যই ( ৮৫%) ডিষ্টিংচন মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ লগতে লজিৰাণী শইকীয়া (৮২.৪%) , ৰিয়াশ্ৰী শইকীয়া ( ৮২.৮%) আৰু শিৱাশ্ৰী শইকীয়াই ( ৭৫.৮%) ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ইফালে বিজ্ঞান শাখাত বিদ্যালয়খনৰ পৰা দুগৰাকী ছাত্ৰ-ছাত্ৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু দুয়োগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ ১০০ শতাংশ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, আজি ঘোষিত ফলাফলত বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষ দেৱাহুতি মহন্ত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চাকিৰাম শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উৎসাহ আৰু শুভেচ্ছামূলক ভাষণ দিয়ে।

উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক বিদ্যালয়ৰ শিক্ষকসমাজৰ ফালৰ পৰা এখনিকৈ ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে একেলগে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ সৈতে নাচি-নাগি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।