নগাঁও

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বটদ্ৰৱাৰ প্ৰতিভাৱান যুৱকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া আইভেটিৰ প্ৰতিভাৱান নাট্যশিল্পী অৰুজ কমল বৰাৰ বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। ২৩ বছৰীয়া অৰুজ কমল বৰা বিগত ১০ দিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল।

জ্বৰ হৈ থকা সময়ত অৰুজ কমল বৰাক প্ৰথমে নগাঁও পৰৱৰ্তী কালত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়ত জাপানীজ এনকেফেলাইটিছ বুলি ধৰা পৰে। ইয়াৰ পিচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত অসমত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰি বহুজনৰ জীৱন কাঢ়ি নিছে। এনেদৰে জাপানীজ এনকেফেলাইটিছ বৃদ্ধি হোৱাৰ পাচতো ইয়াৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য বিভাগে বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ স্নাতক মহলাত অধ্যয়নৰত অৰুজ কমল বৰা নৱ-প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান নাট্যশিল্পী হিচাপে নগাঁও জিলাত পৰিচিত আছিল। নগাঁৱৰ বিশিষ্ট নাট্যশিল্পী দীপক বৰা, জ্যোতিপ্ৰসাদ ভূঞা আদি কেইবাগৰাকী ব্যক্তিৰ লগত কেইবাখনো অপেচাদাৰী নাটকত অভিনয়ৰ লগতে কুশীলৱ হিচাপে কলাত্মক পৰিচয় দিছিল।

অৰুজ কমল বৰাৰ বিয়োগত সাংস্কৃতিক গোষ্ঠী প্ৰজন্মৰ হৈ মুখ্য তত্বাৱধায়ক শংংকৰজ্যোতি শৰ্মাই "এগৰাকী অক্লান্ত নাট্যকৰ্মী সতীৰ্থ অৰুজ কমল বৰাৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিলে। তেওঁৰ নাটকৰ প্ৰতি থকা গভীৰ হেঁপাহ, শ্ৰদ্ধাৰ ওচৰত নতশিৰ।" বুলি মন্তব্য কৰে।

শিল্পীগৰাকীৰ মৃত্যুত সামাজিক সাংস্কৃতিক অনুষ্ঠান সহোদৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত অৰুজ কমল বৰাই পিতৃ, মাতৃ,জ্যেষ্ঠ ভাতৃকে আদি কৰি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।