নগাঁও

ঘাঁহী বৰনামঘৰৰ আদৰণি তোৰণ উৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ ঘাঁহীত সোমবাৰৰ পৰা ঘাঁহী চাৰিআলিস্থিত অস্থায়ী মণ্ডপত বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰণি তোৰণ উৎসৱৰ আৰম্ভণি হৈছে । আজি পুৱা ৬ বজাত পাঠক ডিম্বেশ্বৰ দাস আৰু পাঠক চন্দ্ৰ দাসৰ দ্বাৰা নামঘৰৰ আদৰণি তোৰণত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে ।

অনুষ্ঠানৰ মূল আকৰ্ষণ হৈ পৰে ভাগৱত শোভাযাত্ৰা । হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি উলিওৱা শোভাযাত্ৰাত নাৱৰ আৰ্হিত থাপনা স্থাপন কৰি ভাগৱত ভ্ৰমণ কৰা হয়। তাৰ পৰৱৰ্তী সময়ত ভাগৱত প্ৰতিষ্ঠা কাৰ্যৰ পিছতে নাম-প্ৰসংগ, প্ৰসাদ বিতৰণ কৰা হয় ।