নগাঁও

কলংপাৰ কাকতৰ মুখ্য সম্পাদক ডo আবু হানিফাৰ স্মৃতিচাৰণ অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ এগৰাকী যশস্বী সাংবাদিক তথা শিক্ষাবিদ, কলংপাৰ কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক ড০ আবু হানিফাৰ তৃতীয় মৃত্যু বাৰ্ষিকীত সোমবাৰে নগাঁৱৰ কলংপাৰ কাকতৰ উদ্যোগত আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহযোগত পালন কৰা হয়।

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ পাতনি মেলে। কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিঙৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ পুনীৰাম শইকীয়া, কলং কলা কেন্দ্ৰৰ চিত্তৰঞ্জন বৰা, সম্পাদক ভবেন বৰা, কাৰ্যবাহী সম্পাদক পুন্যদা বৰা, লেখিকা পূৰৱী চক্ৰৱৰ্তী সূত প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত ড০ হানিফাৰ জীৱন আৰু আদৰ্শৰাজি সম্পৰ্কে আলোকপাত কৰে।

প্ৰয়াত ড০ হানিফাৰ সহধৰ্মিনী ড০ ৰজলীন জাহানে ড০ হানিফাৰ ব্যক্তিগত জীৱনৰ বহু কথাৰে সমবেত সকলক আবেগিক কৰি তোলে। ইয়াৰ আগতে কলংপাৰ কাকতৰ প্ৰকাশক তথা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই ড০ হানিফা আৰু কলংপাৰ কাকতৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰে।