নগাঁও

বটদ্ৰৱা থানত অবিৰত ভাগৱত পাঠ অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ জাপি বাটচ'ৰাৰ সন্মুখত দেওবাৰৰ পৰা আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান। তদুপলক্ষে পুৱা ধৰ্মধ্বজা উত্তোলনৰ পাছত ভাগৱত পাঠ শুভাৰম্ভ কৰে বটদ্ৰৱা থানৰ নামাচাৰ্য় ডম্বৰুধৰ গায়ন, যোগেশ নামলগোৱা আৰু দেবেন আতৈয়ে।

বটদ্ৰৱাৰ যুৱক বৃন্দৰ উদ্যোগত অনুষ্ঠিত এই ভাগৱত পাঠৰ ১১ মে'ত সামৰণি পৰিব। সামৰণিৰ নিশা অঞ্চলৰ কণকণ শিশু সকলৰ অভিনয়েৰে "অভিমন্যু বধ" শীৰ্ষক ভাওনা মঞ্চস্থ কৰা হব।