নগাঁও

কৃষ্ণাইঘাট আউনীআটীৰ শাখা সত্ৰত ভাগৱত পাঠৰ শুভাৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীযা নিকটৱৰ্তী কৃষ্ণাইঘাট আউনীআটীৰ শাখা সত্ৰৰ কীৰ্তন ঘৰত মঙলবাৰৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যাৰ শুভাৰম্ভ কৰা হয়৷ তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা ভাগৱত পাঠৰ শুভাৰম্ভণি অনুষ্ঠানত পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে সেই অঞ্চলৰে জেষ্ঠ পাঠেক ধীৰেন কলিতাই৷

বন্তি প্ৰজ্বলন কৰে গায়ন জয় বৰাই৷ ইপিনে ভাগৱত ভাগৱত পাঠৰ শুভাৰম্ভৰ দিনাখনেই ভাগৱত ভ্ৰমণ কাৰ্য্যসূচীত ভাগৱত খনি নিজৰ শিৰত লৈ ভ্ৰমণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে বিৰেন বৰাই৷ ভাগৱত পাঠৰ আগত মূল অক্ষ্যয় বন্তি ভাগ প্ৰজ্বলন কৰে কীৰ্তনঘৰৰ নামাচাৰ্যা কৃষ্ণৰাম শইকীয়াই৷

উল্লেখ যে ভাগৱত পাঠৰ শুভাৰম্ভণি অনুষ্ঠানত কৃষ্ণাইঘাট আউনীআটী শাখাসত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক নৰেন বৰা, সভাপতি প্ৰভাত শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক সোন্তি শইকীয়া, ৰোহিত বৰা, নোমল শইকীয়া, গম্ভীৰ বৰা, নয়ন জ্যোতি বৰা, জিৱেশ্বৰ শইকীয়াকে আদি কৰি অঞ্চলটোৰ পুৰুষ-মহিলা উভয়ে প্ৰায় তিনিশতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷