প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ আদ্যশ্ৰাদ্ধৰ নিশা ভাওনা প্ৰদৰ্শন...  
নগাঁও

প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ আদ্যশ্ৰাদ্ধৰ নিশা ভাওনা প্ৰদৰ্শন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দেবানন্দ দেৱগোস্বামীৰ পবিত্র আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি মঙ্গলবাৰে নিশা ভাওনা প্ৰদৰ্শন কৰা হয়। "প্ৰগতি এক যাত্ৰা" শীৰ্ষক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ শিল্পীয়ে পৰিবেশন কৰে এই "নৃসিংহ যাত্ৰা" শীৰ্ষক ভাওনা।

কীৰ্তনৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ৰ আলমত দৈত্যাৰি ঠাকুৰৰ বিৰচিত ‘নৃসিংহ যাত্ৰা’ ভাওনা কণকণ শিশু আৰু কিশোৰসকলৰ অভিনয়েৰে অনুষ্ঠিত হয়। উল্লেখ্য যে, ২৩ মাৰ্চত বিয়োগ হোৱা বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত, শিল্পী দেবানন্দ দেৱগোস্বামীৰ মংগল বাৰে আদ্যশ্ৰাদ্ধ উপলক্ষে পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা অনুষ্ঠিত হৈছিল এই "নৃসিংহ যাত্ৰা" শীৰ্ষক ভাওনা।

হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদৰ বাল্যকাল আৰু পিতৃৰ মৃত্যুলৈকে বৰ্ণিত এই "নৃসিংহ যাত্ৰা" ভাওনা উপভোগ কৰি উপস্থিত দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে।