নগাঁও

পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত থকা ভৰত চন্দ্ৰ শইকীয়াৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কোৱাইকটাৰ ভৰত চন্দ্ৰ শইকীয়াৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে, যোৱা ১৯ নৱেম্বৰৰ দিনা বেবেজীয়া চাৰি আলিত এখন বাইকে শইকীয়াক খুন্দা মাৰি থৈ যোৱাত তেওঁক নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

পাছত শইকীয়াৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে শুকুৰবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে ভৰত চন্দ্ৰ শইকীয়াই জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে।

শইকীয়া অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। মৃত্যুৰ সময়ত শইকীয়াৰ বয়স আছিল ৪৮ বছৰ। মৃত্যুৰ সময়ত শইকীয়াই দুগৰাকী কন্যা সন্তান, পত্নী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।