নগাঁও

কুজিসত্ৰত ভোগালী বিহুৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : অসমীয়াৰ পদূলিমুখ আহি পালেহি হেঁপাহৰ ভোগালী বিহু। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁঁ কেইটামান দিন বাকী ৷ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে ৷

তিনি বিহুৰ ভিতৰত অন্যতম ভোগালী বিহু বা মাঘ বিহু উপলক্ষে অসমীয়া যুৱতী, মহিলাসকলে লাড়ু, পিঠা, নানা জলপান প্ৰস্তুতৰ বাবে আখলত ব্যস্ত হৈ পৰিছে ৷ সেইদৰে ঢেঁকীত খুন্দিছে চিৰা, বৰা চাউল আদি।

উখল-মাখল হৈ পৰিছে প্ৰতিঘৰ অসমীয়াৰ আখল ৷ এফালে গাঁৱৰ পুৰুষসকলে ভেলাঘৰ, মেজি সাজিছে আনফালে মহিলাসকলে পিঠাগুৰি খুন্দা, আখলত পিঠা-পনা বনোৱাত ব্যস্ত ৷ তাৰ মাজতে আখলত উঠিছে বিহুগীতৰ ৰগৰ।

সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ কুজিসত্ৰত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ আইসকল সকলোৱে একেলগ হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে ৷ বৰ্তমান সমাজৰ পৰা হেৰাই যোৱা অসমীয়া পৰম্পৰাৰ এখন ছবি স্পষ্ট হৈ পৰিছে কুজিসত্ৰত।