নগাঁও

৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা থানত ভোজন বেহাৰ পৰিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৩৬৭ বছৰীয়া পৰম্পৰাক আধাৰ কৰি তথা আই কনকলতাই ১৬৫৬ খৃষ্টাব্দত বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পাছৰে পৰা বটদ্ৰৱা থানত শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিৰ নিশা অনুষ্ঠিত হৈ আহিছে "ভোজন বেহাৰ" ভাওনা। সেই মনোৰম পৰম্পৰাক সৰোগত কৰি বুধবাৰে নিশাও বটদ্ৰৱা থানৰ নাটঘৰত সত্ৰৰ শিশু বালক সকলৰ অভিনয়ৰে মঞ্চস্থ হয় ভোজন বেহাৰ নাট।

ভোজন বেহাৰ নাটৰ কৃষ্ণ সহিতে বালকসকলে গৰু চৰাবলৈ যোৱা দৃশ্যাংশৰ গীত 'এ কানু সাজে' সিন্ধুৰা পৰি তালৰ গীতৰ মাজেৰে কৃষ্ণ সহিতে বালকসকলে প্ৰৱেশ কৰি কৃষ্ণই 'শ্যাম ৰায় বৃন্দাবনে চলি যায়' গীতত কৰা মনোমোহা নৃত্যত যেন বৃন্দাবন হৈ পৰিল বটদ্ৰৱা থানৰ নাটঘৰ।

মহাপুৰুষ মাধৱ দেৱৰ অনবৈদ্য সৃষ্টি “ভোজন বিহাৰ ” নাটকত অভিনয় কৰি সত্ৰীয়া সংস্কৃতিৰ শিকাৰু কণ কণ মইনাহঁতে নিজৰ অভিনয় প্ৰতিভাৰ যোগেদি সকলোকে আকৃষ্ট কৰে ৷ সামৰণিত সকলোৱে ভোজন বেহাৰৰ প্ৰসাদ গ্ৰহণ কৰে।