নগাঁও

নগাঁও জিলাৰ ৰাইডঙীয়াত ৰঙালীক আদৰাৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বসন্ত সমাগত, উন্মনা ফাগুনে তুলিছে মৃদু শিহৰণ। প্ৰকৃতিৰ এই পৰিবৰ্তনৰ সময়তে তথা ৰঙালী বিহুলৈ কিছুদিন থকাৰ সময়তে নগাঁও জিলাৰ বৃহত্তৰ ৰাইডঙীয়া অঞ্চলত বহাগক আদৰিবলৈ প্ৰস্তুতি চলাইছে। নগাঁও জিলাৰ সোনাই নদী উত্তৰ আঞ্চলিক জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দেওবাৰৰ পৰা ঢোল বাদন, বিহুনাচ, আৰু জেং বিহুৰ কৰ্মশালা আৰম্ভ হৈছে। উক্ত কৰ্মশালাটো উদ্বোধন কৰে ঢোলৰ ওজা সোমনাথ ওজাই।

শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাটোত প্ৰশিক্ষক হিচাপে সোমনাথ ওজা আৰু জাগৃতি কলিতাই প্ৰশিক্ষণ প্ৰদান কৰিব। সোনাই নদীৰ উত্তৰ আঞ্চলিক জাগৰন সাংস্কৃতিক গোষ্ঠী প্ৰাংগনত অনুষ্ঠিত কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানটিত বিশিষ্ট তথা বয়োজেষ্ঠ শিল্পী মানিক বৰা, সোনাই নদী উত্তৰ আঞ্চলিক জাগৰন সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধৰ্মকান্ত বৰা, কাৰ্যকৰী সভাপতি প্ৰবীণ চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নৱ কুমাৰ বৰাকে আদি কৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে। অহা ২২ মাৰ্চত এই কৰ্মশালাৰ সামৰণি পৰিব।