নগাঁও

নগাঁৱত বিহু নৃত্য আৰু বিহু বাদন আখৰাৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ তেলীয়াগাও কলংপাৰ খেল পথাৰত অনুষ্ঠিত কেন্দ্ৰীয় বিহুনৃত্য আৰু বিহু বাদন আখৰাৰ দেওবাৰে সামৰণি পৰে। নগাঁও জেষ্ঠ বিহুৱা-বিহুৱতীৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই আখৰাৰ দেওবাৰে বিয়লি সামৰণি পৰে। ২১ মাৰ্চৰ পৰা অনুষ্ঠিত এই আখৰা অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা আৰম্ভ কৰি চেমনীয়া ,ডেকা -গাভৰুৱে প্ৰশিক্ষণ গ্ৰহণ কৰে।

ঢুলীয়া নাচনীৰ উখল মাখল পৰিৱেশত জিলিকি উঠে কলঙৰ পাৰ। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিহুনৃত্য বিহুবাদ্য প্ৰদৰ্শন কৰে। আয়োজক সমিতিৰ পৰ্যবেক্ষক ধৰ্মেশ্বৰ হাজৰিকাই আঁতধৰা অনুষ্ঠানত শ্ৰেষ্ঠ বিহুৱা হিৰণ্য শৰ্মা, মৃণাল শইকীয়া, শিল্পী দুলুমণি শইকীয়া, সমাজ সেৱিকা নৱনীতা শৰ্মা, সাংবাদিক কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

আয়োজক সমিতিৰ হিমাদ্ৰী শইকীয়া, ৰিপা শৰ্মা, বৰ্ণালী বেজবৰুৱা, দিপালী দাস মজুমদাৰ আদিৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠিত এই আখৰাক কেন্দ্ৰ কৰি কলঙৰ পাৰত এক উৎসৱ মূখৰ পৰিবৈশৰ সৃষ্টি হয়। আখৰাৰ প্ৰশিক্ষক জাগৃতি সন্দিকৈ , নিতুল বৰা ,ভূৱন দাস ,শংকৰ দাস আদিক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়।