বটদ্ৰৱাত ঈদৰ নামাজ পঢ়িবলৈ গৈ চোৰ কৰিলে বাইকঃ এজনক গ্ৰেপ্তাৰ... 
নগাঁও

বটদ্ৰৱাত ঈদৰ নামাজ পঢ়িবলৈ গৈ চোৰ কৰিলে বাইকঃ এজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাত বৃহস্পতিবাৰে উদ্ধাৰ হয় এখন চুৰি মটৰচাইকেল। বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই চুৰি মটৰ চাইকেলখন।

পবিত্ৰ ঈদৰ মাজতেই আজি আৰক্ষীয়ে পিয়াৰোল ইছলাম নামৰ লোকজনৰ পৰা জব্দ কৰে এই চুৰি বাইকখন। বাইকখনৰ নম্বৰ AS 02 N 9015 ৰ বাজাজ পালছাৰ।

জানিব পৰা মতে আজি পুৱা নামাজৰ সময়তে বাটমাৰী ঈদগাহ ফিল্ডৰ পৰা চুৰি হৈছিল এই বাইকখন। পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাৰ নেতৃত্বত চলা তাৎক্ষণিক অভিযানত বাটমাৰী গাঁৱৰ ফজলুল হকৰ পুত্ৰ পিয়াৰোল ইছলামৰ হাতৰ পৰা বাইকখন উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত পিয়াৰোল ইছলামকো আটক কৰিবলৈ সক্ষম হয়।