নগাঁও

ৰহাৰ বহু ঠাইত সাংসদ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ আজি ৰহা সমষ্টিৰ কাকতিগাঁও কচুৱা, গেৰজাইপাম আৰু মাধৱপাৰা আদি কৰি কেইবা ঠাইতো নগাওঁ লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই কেইবাখনো দলীয় ভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নগাওঁ জিলাৰ বিজেপি দলৰ উপ-সভাপতি সুবৰ্ণ সিঙৰ সভাপতিত্বত অনুষ্ঠি ত নিৰ্বাচনী সভাসমূহত সংখ্যালঘু ৰাইজৰ উপস্থিতি আছিল লক্ষ্যনীয় ৷

ভাৰতবৰ্ষত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'বই আৰু নগাওঁ লোকসভা সমষ্টিতো আমাৰ প্ৰাৰ্থী সুৰেশ বৰা বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰি সকলো সম্প্ৰদায়ৰ লোকৰ ভোট আহ্বান কৰে সুবৰ্ণ সিঙে৷ কংগ্ৰেছ দলৰ পৰা অলপতে বিজেপিত যোগদান কৰি নগাওঁ লোকসভা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰিবলৈ সক্ষম হোৱা সুৰেশ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নানান আচঁনিৰ কথা কৈ 'বিজেপি হিন্দুৰ দল নহয়, বিজেপি সকলো ধৰ্মৰ লোকক লৈ সবকা সাথ সবকা বিকাশ শ্ল'গানেৰে আগুৱাই গৈছে বুলি কৈ মোক ভোট দি জয়যুক্ত কৰক, মই হিন্দু মুছলমান সকলোৰে উন্নয়ন কৰিম বুলিও কয়।

বিগত পাঁচটা বছৰত কংগ্ৰেছৰ সাংসদগৰাকীক ৰাইজে বিচাৰি পোৱা নাই বুলি সুৰেশ বৰাই অভিযোগ কৰি তেওঁ জয়ী হ'লে আপোনালোকৰ ওচৰত সদায় থাকিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত বহু গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়াই।

বৰাই ২০২৪ৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা জয়ী হোৱাতো নিশ্চিত বুলি কৈ তেওঁৰ মূল প্ৰতিদ্বন্দি এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীগৰাকী হ'ব বুলি কয়। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উন্নয়নৰ জোৱাৰ উঠা বুলি কৈ অসমতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ব্যাপক উন্নয়ন হোৱা বুলি কয়।

ইপিনে ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশী কান্ত দাসে প্ৰতিখন সভালৈ যোৱাৰ পথত বিজেপি প্ৰাৰ্থী গৰাকীক সংগ দিয়ে যদিও কোন এখন সভাত অংশ নলৈ গাড়ীৰ ভিতৰত বহি থকাহে দেখিবলৈ পোৱা গৈছে।