তাঞ্জিলক নবাব পাতিবলৈ পিছ দুৱাৰেদি কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ অভিযোগ BJP ৰ 
নগাঁও

তাঞ্জিলক নবাব পাতিবলৈ পিছ দুৱাৰেদি কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ অভিযোগ BJP ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ "তোষামোদেই কংগ্রেছৰ একমাত্র ৰাজনৈতিক দর্শন, সেয়েহে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দল কংগ্রেছৰ সদায় পৰিপূৰক। বিপদৰ সময়ত এই দলটোৱে কংগ্রেছক আৰম্ভণিৰে পৰা উদ্ধাৰ কৰি আহিছে।

অর্থ্যাৎ এ আই ইউ ডি এফৰ ৰাজনীতি কংগ্রেছৰ বাবে মক্কধজ হিচাপে প্রমাণিত হৈ আহিছে। আগন্তুক উপ নিবচিনত প্রার্থী নিদিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে চামগুৰি কংগ্রেছ প্রার্থী ৰকিবুল হুছেইনৰ তনয় তাঞ্জিল হুছেইনক কোনো কাৰণতেই পৰাস্ত হ'বলৈ দিয়া নহব বুলি কৈ এ আই ইউ ডি এফ নেতৃত্বই আচলতে কংগ্রেছৰ সাম্প্রদায়িক চৰিত্রকে উদঙাই দিছে।

ভোট বিচাৰি চামগুৰি জনসাধাৰণৰ কাষলৈ যোৱাব পূর্বেই কংগ্রেছ প্রার্থী গৰাকী বদৰুদ্দিন আজমলৰ দৰবাৰত কেইবাবাৰো উপস্থিত হোৱাৰ কথা এ আই ইউ ডি এফৰ মুৰুব্বীজনে নিজেই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে। কংগ্রেছ দলে এই কথা খণ্ডন কৰা নাই।

এ আই ইউ ডি এফৰ কংগ্রেছৰ প্রতি নিচর্ত সমর্থনকো কংগ্রেছ দলে আদৰণি জনোৱা দেখা গৈছে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ। উল্লেখযোগ্য যে ২২ অক্টোবৰৰ নিশা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মর্চাৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ লগতে বিহালী বিধানসভা সমষ্টিত চি পি আই এম এলৰ প্রার্থীক সমর্থন নকৰাৰ সিদ্ধান্তৰ কথা সহযোগী দলসমূহক লিখিতভাবে জনাই দিছিল।

এই কথাই কংগ্রেছৰ একনায়কত্ববাদী চৰিত্রক স্পষ্ট কৰে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শমাই লগতে কয় "নিজৰ ৰাজনৈতিক স্বার্থ সিন্ধিৰ বাবেই কংগ্রেছ দলে নিজৰ ইচ্ছা অনুসৰি সহযোগী দলসমূহক ব্যৱহাৰ কৰি আহিছে। কংগ্রেছৰ কথাত উঠা-বহা কৰা বাজনৈতিক দলকহে দলটোৱে সদায় প্রাধান্য দিয়ে।

চামগুৰিৰ নির্বাচনত শক্তিশালী প্রতিদ্বন্দিতা আগবঢ়াবৰ বাবে কংগ্রেছে এ আই ইউ ডি এফব শৰণাপন্ন হৈছে। লগতে বামপন্থী দল আৰু ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দলসমূহৰ অস্তিত্বক অস্বীকাৰ কৰি ৰাজনৈতিকভাবে তেওঁলোকক অপ্রাসংগিক কৰাৰ এক গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে।

প্রদেশ কংগ্রেছৰ সভাপতিকে ধৰি অন্যন্য নেতাৰ বক্তব্যৰ পৰাই এই কথা স্পষ্ট হৈ পৰে। এক কথাত ক'বলৈ হ'লে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্রক নবাব পাতিবৰ বাবেই কংগ্রেছ দলে নিজৰ সকলো মিত্র দলক ভৰিৰে গছকি এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে।