নগাঁও

চামগুৰিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ মনোনয়ন দাখিল

ভবেশ কলিতা ,পীযুষ হাজৰীকা ,জয়ন্ত মল্লবৰুৱা আৰু কেশৱ মহন্তৰ সংগদান

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁও : বিশাল সমদলৰে আহি চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই শুকুৰবাৰে মনোনয়ন দাখিল কৰে। সমষ্টিটোৰ ৰিটাৰনিং বিষয়া গুণজিৎ কাশ্যপৰ ওচৰত দিপ্লুৰঞ্জন শৰ্মাই মনোনয়ন দাখিল কৰে ।

মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা , কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা আদি উপস্থিত থাকে। ইপিনে মনোনয়ন দাখিলৰ পুৰ্বে দিপ্লুৰঞ্জন শৰ্মাই বিজেপি -অগপৰ কেবাহাজাৰ সমৰ্থক-কৰ্মীক লগত লৈ চামগুৰিৰ পৰা নগাঁৱলৈ বিশাল ৰেলী উলিয়াই।

সমৰ্থক, নেতা-কৰ্মীৰ উল্লাসৰ মাজত সমদলেৰে আহি নগাঁও চহৰৰ নেহৰুবালিত সমবেত হয়। বিজেপি ,অগপ মিত্ৰযোটৰ এখন বিশাল সভা নেহৰুবালিত অনুষ্ঠিত হয়।

সভাত বিজেপিৰ সভাপতি ভবেশ কলিতা , মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা ,জয়ন্ত মল্লবৰুৱা ,কেশৱ মহন্ত ,বিমল বৰা ,সাংসদ দিলীপ শইকীয়া ,ৰামেশ্বৰ তেলী ,কামাখ্যা প্ৰসাদ তাছা ,বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী ,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাসহ কেবাগৰাকী বিধায়ক ,দলীয় শীৰ্ষ নেতা ,নগাঁও ,কলিয়াবৰ জিলা বিজেপি অগপৰ নেতা সকলে অংশগ্ৰহণ কৰে।