নগাঁও

ড্ৰাগছ ব্যৱসায়ীক গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ দেহৰক্ষী...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীৰ গোপন অভিযানত কৰায়ত্ব হৈছে আৰক্ষী। ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ বৰঘৰৰ খবৰ দি কৰায়ত্ব হৈছে আৰক্ষী কনিষ্টবল মকৰম হুছেইন। মকৰম হুছেইনক বৃহস্পতিবাৰৰ নিশা কৰায়ত্ব কৰিছে নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰন শাখাই।

কনিষ্টবল মকৰম হুছেইন নিয়ুক্ত হৈ আছিল নগাঁৱৰে এজন উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে। বিষয়াজনৰ দেহৰক্ষী হৈ থাকি কনিষ্টবল মকৰম হুছেইনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানৰ প্ৰস্তুতি চলিলে টেলিফোন যোগে আগতীয়াকৈ খবৰ যোগান ধৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই মকৰমক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।