নগাঁও

নগাঁৱত ৰঞ্জিত কুমাৰ তামুলী ফুকনৰ দুখনকৈ গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ জগন্নাথ মন্দিৰৰ সভাগৃহত বৃহস্পতিবাৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। কবি,গীতিকাৰ,সুলেখক ৰঞ্জিত কুমাৰ তামুলী ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন জীৱনৰ একা বেকা বাটেদি আৰু পুৱতি পখীৰ গীত উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিল্পী কানু বেজবৰুৱা আৰু সূৰ্য গোস্বামীয়ে।

গ্ৰন্থ উন্মোচক কানু বেজৰুৱাই নিজৰ ভাষণত ৰঞ্জিত তামূলী ফুকনৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰে। লগতে সূৰ্য্য গোস্বামীয়ে নগঞা সমাজ জীৱনৰ লগত জড়িত বহু কথাৰ প্ৰসঙ্গ উল্লেখ কৰি নগঞা সভ্যতা -সংস্কৃতি সকলোৰে অনুকৰণীয় বুলি মন্তব্য কৰে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি গোস্বামীয়ে জানিবলৈ দিয়ে যে তেওঁ ভূপেন হাজৰিকাৰ বিষয়ে এখন গ্ৰন্থ প্ৰণয়নৰ কাম কৰি আছে। অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে আঁতধৰা আৰু গল্পকাৰ শিৱানন্দ কাকতিয়ে সভাপতিত্ব কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱাই।

আক্ষেপেৰে কয় যে সাহিত্য,সংস্কৃতি,ইতিহাস আদিৰ ক্ষেত্ৰত নগাঁও চহকী যদিও আজিলৈকে নগাঁৱৰ বুৰঞ্জী নাই। এই ক্ষেত্ৰত কলিয়াবৰৰ বুৰঞ্জী প্ৰকাশ কৰি কলিয়াবৰে এক নিদৰ্শন ডাঙি ধৰিছে।

অপৰাজিতা তামুলী ফুকনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত লিখক ৰঞ্জিত কুমাৰ তামুলী ফুকনে নিজৰ অনুভৱ ব্যক্ত কৰে। ৰুলা তামুলী ফুকনৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত ললিত দত্ত , জীৱ বৰগোহাই ,অশোকৰাম ভট্টাচাৰ্য্য,মাধন শইকীয়া আদিয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত শিল্পী সূৰ্য্য গোস্বামী আৰু দীগেন মহন্তক বিশেষ ভাবে সম্বৰ্ধনা জনায়।নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।