নগাঁও

ৰাইডঙীয়াত বৰগীতৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত ২১, ২২ আৰু ২৩ অক্টোবৰ তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বৰগীতৰ কৰ্মশালা। শাৰদীয় পূজাৰ বন্ধৰ সময়চোৱাত অঞ্চলটোৰ বিদ্যাৰ্থীসকলে মহাপুৰুষ দুজনাৰ অনবদ্য অৱদান বৰগীতৰ চৰ্চাৰ মাধ্যমেৰে সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে এই আয়োজন চলোৱা হৈছে।

পুৱা ৯ বজাৰ পৰা ৰাইডঙীয়া পাঁচ আলিৰ সৌৰভ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব বৰগীতৰ কৰ্মশালা। এই কৰ্মশালাত সকলো সংস্কৃতিৱান লোকৰ উপস্থিত আৰু সহায় সহযোগিতা কামনা কৰিছে 'বিকাশ'ৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ আৰু প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মাই।