নগাঁও

প্ৰথমবাৰৰ বাবে পৱিত্ৰ বুখাৰী শ্বৰীফ অসমীয়া ভাষালৈ অনুবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: ইছলামৰ সংবিধান খ্যাত বুখাৰী শ্বৰীফ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰি উলিয়ালে বিশিষ্ট ইছলামিক পণ্ডিত তথা সদৌ অসম তালিমী তৰক্কী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুফতি মুজাহিদুল ইছলাম কাছিমীয়ে। নগাঁও জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অসমীয়া বুখাৰী শ্বৰীফ(১ম খণ্ড) শুভ উন্মোচনী সভাত ধৰ্মীয় গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত গোমাফুলবাৰী টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ মুফতি শ্বেখ আশ্বৰফ উদ্দিন কাছিমীয়ে কয়, "বুখাৰী শ্বৰীফ কেৱল মাত্ৰ এখন কিতাপেই নহয় ই এক আত্মশুদ্ধিৰ পথ দেখুওৱা এক দিক দৰ্শন। এনে কিতাপ অধ্যয়নে মানুহক শুদ্ধ পথৰ সন্ধান দিব পাৰে"।

সেয়ে তেওঁ বুখাৰী শ্বৰীফ অধ্যয়ন কৰি সকলোকে জীৱন ধন্য কৰাৰ আহ্বান জনায়। অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আহমদ আনফৰে সভাপতিত্ব কৰি দিয়া ভাষণত কয়, "ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ কষ্ট কৰিব লাগিব। অকল শিক্ষা গ্ৰহণ কৰিলেই নহ'ব ইয়াক বাস্তৱত পালন কৰিব লাগিব। আল্লাহৰ নবী সকলেও বহু কষ্টৰ বিনিময়ত বহু দূৰ বাটকুৰি বাই শিক্ষা গ্ৰহণ কৰিছিল"।

তেওঁ লগতে কয়, "জীৱন ধন্য কৰিবলৈ নিজৰ ওপৰত অধিক বিশ্বাস আৰু আস্থা পোষণ কৰিব লাগিব। আমি চৰিত্ৰবান হোৱাৰ লগতে আমাৰ চাল-চলন আচাৰ-ব্যৱহাৰ সকলো দিশতে ভাল হ'ব লাগিব। ভাল মানুহ হ'বলৈ সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব। তেতিয়াহে আমাক আনে অনুকৰণ কৰিব"। ৰাজ্যৰ কেবাখন জিলাৰ শতাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত গ্ৰন্থকাৰ মুফতি মুজাহিদুল ইছলাম কাছিমীয়ে কয়, "ইছলাম আৰু ইয়াৰ সংবিধানৰ বিশেষ আন ধৰ্মাৱলম্বী লোক বিশেষকৈ অসমৰ সকলো শ্ৰেনীৰ ৰাইজে সহজে বুজি পোৱাৰ বাবে মুলতঃ বুখাৰী শ্বৰীফখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ চেষ্টা হাতত লোৱা হৈছে। বুখাৰী শ্বৰীফত মুঠ ৩০টা পাৰা অৰ্থাৎ পাঠ আছে। ইয়াৰে মাত্ৰ প্ৰথম পাঠখন অনুবাদ কৰা হৈছে। আশা কৰা হৈছে এই গ্ৰন্থখন অধ্যয়নৰ জৰিয়তে মুছলমানৰ লগতে অমুছলমান ৰাইজ উপকৃত হ'ব"।

তেওঁ লগতে কয় যে, পৱিত্ৰ কোৰান বুজিবলৈ বুখাৰী শ্বৰীফ জানিব লাগিব। কাৰণ বুখাৰী শ্বৰীফত হাদিছ বৰ্ণিত কৰা হৈছে। হাদিছ অবিহনে কোৰান বুজি পোৱাটো অসম্ভৱ বুলি মন্তব্য কৰি মুফতি মুজাহিদুলে কয় যে, ইমাম বুখাৰী ৰহমতুল্লাই ১৬ বছৰ বয়সতেই মাত্ৰ ২টা বছৰৰ ভিতৰত বুখাৰী শ্বৰীফ ৰচনা কৰি ইতিহাস সৃষ্টি কৰিছিল। তেওঁ এখন সুস্থ সমাজ বৰ্তি থকাৰ বাবে বুখাৰী শ্বৰীফ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।

সভাত বিশিষ্ট কবি-সাহিত্যিক দিলাল আহমেদে কয়, "ইছলামিক অসমীয়া সাহিত্যত আজি এটা বিশেষ দিন। কাৰণ বুখাৰী শ্বৰীফৰ দৰে এখন কিতাপ অসমীয়াত অনুবাদ হৈছে"। জ্যেষ্ঠ সাংবাদিক ফাইজুৰ ৰহমানে আঁত ধৰা সভাত হোজাই জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে মৌলানা আকিলুৰ ৰহমান, মুফতি ছবীহ আখতাৰ কাছিমী, অসম ৰাজ্যিক জমিয়ত উলেমাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী, কোষাধ্যক্ষ হাজী ফুৰকান আলী, আনফৰ ফাউণ্ডেচনৰ উপ-সভাপতি মৌলানা গিয়াছ উদ্দিন কাছিমী, কেন্দ্ৰীয় হিলাল কমিটি আৰু সদৌ অসম চৰকাৰী ক্বাজী সন্থাৰ সভাপতি মৌলানা শ্বেখ ফখৰ উদ্দিন আদি, বিশিষ্ট সমাজকৰ্মী ইফতিকাৰ হাজৰিকাকে ধৰি ভালে কেইগৰাকী ইছলামিক পণ্ডিতে এই সভাত ভাষণ দিয়ে।