নগাঁও

বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSIৰ ফ্ৰেন্সাইজি...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ বেবেজীয়াত শনিবাৰে সন্ধিয়া জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে CAR SQUAD INDIA ৰ ফ্ৰেন্সাইজি আউটলেট। বেবেজীয়াৰ ডিমৌত 'বিজয়া এছ মটৰ্ছ' নামৰ এই ফ্ৰেন্সাইজিটো মুকলি কৰে শিল্পীগৰাকীয়ে । ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে 'কা'ৰ প্ৰসংগ উত্থাপন কৰি স্বভাৱসুলভ ভংগীমাৰে কয় যে 'কা' অদকাৰী বস্তু, ফটোৱামী। ল

লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে। ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া ছিনেমা কাম কৰি থকাৰ বিষয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, আজিৰ এই উদ্ধোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁৱৰ আউলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা,গুৱাহাটী আউলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত,কবিতা শৰ্মা,তন্ময় দাস আদিকে ধৰি চি এছ আইৰ বিষয়াবৰ্গ উপস্থিত থাকে ।