জখলাবন্ধাত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহৰে ৰাজপথ অৱৰোধ AJYCPৰ... 
নগাঁও

জখলাবন্ধাত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহৰে ৰাজপথ অৱৰোধ AJYCPৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত সোমবাৰে নিশা জখলাবন্ধাত ব্যাহত হৈ পৰে উজনি-নামনিৰ যাতায়ত ব্যৱস্থা। সংগঠনটোৱে ৰাজপথৰ মাজত দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা।

উল্লেখ্য যে, আজি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাৰ্যবিধি জাৰি কৰাৰ পাছতে অসমৰ সৰ্বত্ৰে আৰম্ভ হৈছে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও পূৰ্বৰে পৰা কৰি অহাৰ দৰেই আজিও প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ কলিয়াবৰৰ কৰ্মীসকলে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এনে প্ৰতিবাদৰ ফলত উজনি-নামনিৰ যানবাহন চলাচল ব্যাহত হৈ পৰাত জখলাবন্ধা আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা আঁতৰাই পুনৰ যান-বাহন চলাচলৰ বাবে পথটো সুচল কৰি তোলে। আৰক্ষীৰ এনে প্ৰচেষ্টাত সংগঠনটোৰে সদস্যৰ সৈতে আৰক্ষীৰ টনা আঁজোৰাও পৰিলক্ষিত হয়।